Today i am sharing new article . here you can find Assamese Funny Short Stories That make you Laugh😂.in this blog I am sharing Assamese Memes, Assamese Quotes, Assamese Story, Assamese Short story , Assamese Funny Storys, Assamese Sad story and Many More, I hope you guy’s will enjoy our New Content.
Assamese Funny Short Story
1.যোৱা কালি আমাৰ দলহাট বাগান ফালে ফুৰিবলৈ গৈছিলোঁ..চিনাকি ঘৰ এটাত সোমাই খুৰা এজনক লগ পালোঁ..
আচলতে তেওঁ বহুদিন ধৰি অসুস্থ হৈ আছিল...মানুহজন বিহাৰী সম্প্ৰদায়ৰ গতিকে মই তেওঁক হিন্দীতে সুধিলোঁ..चाचा जी कैसे हो आप ? अब तबियत कैसी है आपकी..?
তেওঁ বিচনাত পৰি থকা অৱস্থাতে মোৰ ফালে চাই দুটা মান কাঁহ মাৰি উত্তৰ দিলে...
কি কহিম বাবুৱা..शरीर ठु बहुत दुर्बल दुर्बल লাগিছে जैसन-तैसन কৰি কিনে दस ठु रोटी আৰু এক থালি ভাত খালো আৰু बच्चा सब ভোক হব বুলি एक ठु रोटी থৈ দিছোঁ...
মই তেওঁক সুধিলোঁ..चाचा जी আপোনাৰ লৰা-ছোৱালী কেইটা..?
তেওঁ উত্তৰ দিলে..
दु ठु बेटा আছে আৰু एक ठु बेटी আছে...মই লগে লগে চকীৰ পৰা উঠিলোঁ আৰু কলোঁ..
चाचा जी শৰীৰ টো ভাল পালে মোক ফোন কৰি খবৰ দিব..
মই আকৌ এবাৰ আপোনাৰ খবৰ লবলৈ আহিম....! 🙄🚶
Assamese Funny Short Story
লৰা: এই যে ৰাস্তাত ফুৰি আছো আৰু ঘৰলৈ পোনাই আছো অ...
অভিমানী মৌ প্ৰিয়া: ঐ দেহা ঘৰত কোনো নাই, আহা না আজি মোক খুব মন খুলি কথা পাতিবলৈ মন গৈ আছে ...
লৰা: আৰে তই নেকি...এতিয়াই তো আহিলো তহঁতৰ ঘৰৰ পৰা...
অভিমানী মৌ প্ৰিয়া: অ ছৰী দেই..ভুলতে আকৌ তোমাৰ নম্বৰতে কল লাগি গল...
just 4 fun দেই বন্ধুসকল..don't be serious!!👍😊
3.সিদিনা আমাৰ darling পেহী Panchmi Boruah ফাৰ্মাচিত গৈ দৰৱ কেইটামান কিনিলে আৰু কলে যে চেনীও দিয়ক..
ফাৰ্মাচিষ্ট জনে কলে...ভন্টি এইটো ঔষধৰ দোকান হয় ইয়াত চেনী বিক্ৰী কৰা নহয়..
আমাৰ পেহীয়ে কলে...মোক বুৰ্বক বুলি ভাবিছে নেকি ? মই এজনী পঢ়া-শুনা ছোৱালী হয়..এইটো চাওক..ঔষধত লিখা আছে sugar free..!!
ফাৰ্মাচিষ্ট বেহুচ....
#fun
Assamese Funny Short Story
4.যেতিয়া অফলাইন থাকোঁ..ঘৰৰ চাউল,দালি,নিৱনুৱা সমস্যা,কেনেকৈ চলিম কেনেকৈ জীৱন-যাপন কৰিম এইবোৰ চিন্তাধাৰাই আঁকোৱালি ধৰে...কিন্তু...
যেতিয়া অনলাইন আহোঁ..তেতিয়া জাতি,ধৰ্ম,সমাজ,পৰিৱেশ,ৰাজনীতি গোটেই বিশ্বব্ৰহ্মাণ্ডই মোক সাৱটি ধৰে!
#জীৱন 🙂😊
Assamese Funny Short Story
5.বন্দিতা:
McDonald's যাওঁ বলা...
লৰা: McDonald's ৰ বানান কোৱা..তেতিয়া হে লৈ যাম...
বন্দিতা: এটা কাম কৰোঁ..KFCত যাওঁ বলা..
লৰা: KFC ৰ ফুল ফৰ্ম কোৱা...
বন্দিতা: বাদ দে কুত্তা..বল ফুচকাই খুৱাই দে...!!
#fun
Assamese Funny Short Story
6.যাৰ লগত এনেকুৱা চাৰিজন বন্ধু আছে,
বুজিবা যে তেওঁ নিজৰ বাস্তৱিক জীৱনত কিবা এটা উপাৰ্জন কৰিছে..
বিপদৰ সময়ত যিসকলে এনেদৰে লগ দিয়ে সেইটোৱেই হৈছে আচল বন্ধুত্ব..
বাকী গোটেইসোপা মিছা সজাই থোৱা এটা দৰবাৰ..
সত্যৰ সৈতে মুখামুখি হোৱা বাস্তৱিকতাৰে পৰিপূৰ্ণ এটি ভাল লগা আলোকচিত্ৰ....
আশা কৰো সকলোৰে জীৱনত এনেকুৱা বন্ধু নিশ্চয় থাকক...!!🙂👍💖🙏🙏
Assamese Funny Short Story
7.লৰা: i love you..
ছোৱালী: তুমি পাগল হলা নেকি, মই এজনী বিবাহিত মহিলা হয়,
আৰু মোৰ অফিচত এজন বয়ফ্ৰেণ্ড আছেই... আৰু মোৰ ex বয়ফ্ৰেণ্ড আমাৰ ঘৰৰ ওচৰতে থাকে...
আৰু যোৱাকালিয়েই আমাৰ অফিচৰ বচ জনে প্ৰপ'জ কৰিছে আৰু মই তেওঁক ৰিজেক্ট কৰিবও নোৱাৰো...
আৰু এনেয়েও মোৰ স্কুলীয়া ফ্রেণ্ড এজনৰ লগত serious matter চলি আছে....
লৰাই ভালদৰে ৫ মিনিট মান তাইলৈ চাই কলে...চাই লোৱা কোনোবা ফালে যদি adjust হৈ যাওঁ...! 😊
Assamese Funny Short Story
8.ता दास এদিন চৰকাৰী কাৰ্য্যালয়ত গৈ সোমাল..
বন্দিতা: দাদা মোৰ এইখন চাৰ্টিফিকেট বনাবলৈ আছিল..
পিয়ন: ভন্টি..বাবুৰ ওচৰত যোৱা..
বন্দিতাই লগে লগে মোবাইলটো ওলাই বয়ফ্ৰেণ্ডক কল কৰি কলে..বাবু তুমি মোক কোৱাই নাই যে তুমি চাৰ্টিফিকেটও বনোৱা...!
#just4fun
Assamese Funny Short Story
9.মানুহ এজনে ভগৱানক প্ৰশ্ন কৰিলে...ভগৱান মই পৰিয়ালৰ কাৰণে ইমান কষ্ট কৰোঁ কিন্তু মোৰ মানুহজনী দিনটো ঘৰত থাকি কি নো কৰে ? তাইৰ জীৱনটো একেবাৰে সৰল.....!
ভগৱানে উত্তৰ দিলে..কাম এটা কৰোঁ..এদিনৰ কাৰণে তোমাক পত্নী বনাই দিওঁ আৰু তোমাৰ পত্নীক পতি....! হব নে ?
মানুহজন মান্তি হল...!
আগদিনা ৰাতিপুৱা ৫ টাত এলাৰ্ম বাজিল...তেওঁ উঠিল আৰু লৰা-ছোৱালীক গা-পা ধুৱাই সিহঁতৰ বাবে ব্ৰেকফাষ্ট বনালে লগতে দুপৰীয়াৰ খানাও বনাই টিফিন বক্সত ভৰাই সিহঁতক স্কুললৈ পঠিয়াই দিলে...
তাৰ পিছত পত্নীক বিছনাৰ পৰা জগালে আৰু তাইৰ বাবে চাহ-নাস্তাৰ যোগাৰ কৰিলে..
পত্নী অফিচলৈ ওলাই যোৱা পাছত তেওঁ ঘৰ চাফ-চিকুণ কৰা কামত ব্যস্ত হৈ গল..সেইখিনি কৰা পাছত নিজে ব্ৰেকফাষ্ট কৰি থকা সময়ত কাম কৰা মানুহজনী ঘৰলৈ আহিল...
কাম কৰা মানুহজনীয়ে কাম-বন আদায় কৰি ওলাই যাবলৈ ধৰোঁতেই স্কুলৰ পৰা লৰা-ছোৱালী উভতি অহা সময় হল...
এতিয়া সিহঁতৰ হম-ৱৰ্ক কৰাবলৈ ধৰিলে, অলপ সময় পাছত পত্নী অফিচৰ পৰা আহিল..
এতিয়া ৰাতিৰ খানা বনাবলৈ আছেই..খানা বনাই ৰেডি কৰিলে..এতিয়া পত্নীয়ে খানা খোৱা সময়ত নিমখ কম হৈছে,জলা কম হৈছে অমুক-তমুক বকিবলৈ ধৰিলে....!😢
দ্বিতীয়দিনা ৰাতিপুৱাই উঠি তেওঁ ভগৱানক কলে..হে ভগৱান মই বুজি পাই গলো পত্নীয়ে কিমান কষ্ট কৰিবলগীয়া হয়, মোক আকৌ পতি বনাই দিয়া, মই আৰু নোৱাৰিছোঁ....!
এতিয়া আহিব কাহিনীত twist...
ভগৱানে কলে..মই তোমাক এদিনৰ কাৰণে হে পত্নী বনাইছিলোঁ কিন্তু এতিয়া মই ইচ্ছা কৰিও তোমাক পতি বনাব নোৱাৰো কাৰণ যোৱাৰাতি তুমি গৰ্ভৱতী হৈ গলা...
এতিয়া ৯ মাহ পাছত হে লগ পাম ok bye...! 😜😜
Assamese Funny Short Story
10.বন্দিতা: দাদা নতুন ডিজাইনৰ চুৰিদাৰ দেখুৱাওক চোন...
দোকানী: মেডাম এইটো চাওক এই মাত্ৰ মাৰ্কেটত নতুনকৈ আহিছে...
বন্দিতা: wow! ভাল লাগিছে..দাম টো কওকচোন দাদা...
দোকানী: ভন্টি বেছি নহয় মুঠেই দুহেজাৰ টকা...
বন্দিতা: দাদা অলপ কম কৰক, মই সদায় আপোনাৰ দোকানৰ পৰাই বস্তু লৈ থাকোঁ দেখোন...
দোকানী: অ মোৰ মাঁ 🙏🙏 যোৱাকালি মোৰ দোকান নতুনকৈ অপেনিং কৰিছোঁ!!
#just4fun 😊
Assamese Funny Short Story
11.যোৱাকালি ৰাস্তাত গৈ থাকোঁতে বোৱাৰী এজনীয়ে মোৰফালে চাই মিচিকিয়া হাঁহি এটা মাৰিলে...
মই লগে লগে জেপৰ পৰা ৫০ টকীয়া নোট এটা ওলাই তাত মোৰ নম্বৰ লিখি তাইৰ হাতত দি ঘৰলৈ গুচি আহিলো..
তাই ফুচকা দোকানী এজনৰ ওচৰত গল আৰু মই দিয়া সেই ৫০ টকীয়া নোট দি ফুচকা খাই পেলালে...
এতিয়া ৰাতিপুৱাৰ পৰা সেই ফুচকা দোকানীৰ প্ৰায় ৪০ টা মান মিছকল মোৰ মোবাইলত আহিছে..! 😐🙄
Assamese Funny Short Story
12.যেতিয়া মহিলা সকলে নিজৰ মাজত খুচুৰ-ফুচুৰ কৰি কথা পাতি থাকে তেতিয়া বুজিবা যে সিহঁতৰ data transfer হৈ আছে..
আৰু যেতিয়া কব যে বাদ দিয়া হে আৰু বেলেগৰ কথা পাতি কি নো লাভ..তেতিয়া বুজিবা যে data save হৈ গল আৰু viral হোৱাৰ অপেক্ষাত আছে!
#অপ্ৰিয়_সত্য
Assamese Funny Short Story
13.ষ্টুডেন্টসকল...
অহা বছৰ পৰীক্ষাত এইটো প্ৰশ্নও আহিব পাৰে..
প্ৰশ্ন: lock-up আৰু lock-downৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: lock-upত যেতিয়া মানুহক ভিতৰত লোৱা হয় তেতিয়া ধূলাই দিয়া হয়! আনহাতে lock-downত যেতিয়া মানুহ বাহিৰত ওলাই তেতিয়া ধূলাই দিয়া হয় ।
মুঠতে দুয়োটা ক্ষেত্ৰতে পুলিচৰ ভূমিকা গুৰুত্বপূৰ্ণ...😊
Assamese Funny Short Story
14.NASAই ২০২২ চনৰ ভিতৰত মংগল গ্ৰহত পোন প্ৰথমবাৰৰ বাবে মানৱ জাতিৰ আগমন কৰাম বুলি ভাবি আছে..
কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ এতিয়াও হিন্দু-মুছলিম কৰি জীয়াই আছে..
কিছুমানে তো আমি মুছলিমক তেজ খোৱা ধৰ্ম বুলিও কয় দিলে! 🤔 আচৰিত!!
Assamese Funny Short Story
15.P H Dutta Pappu নতুনকৈ বিয়া কৰাই কন্যাৰ লগত ৰাতি বিচনাত বহি আছিল...
তাৰ মাথা কাম কৰা নাই এতিয়া কি কথা পাতিব..কেনেকৈ কথা আৰম্ভ কৰিব...??
প্ৰায় ১০ মিনিট মান চিন্তা কৰা পাছত সি কৈয়েই পেলালে..
তুমি যে আজি ৰাতি আমাৰ ঘৰত থাকিবা, ঘৰৰ মানুহে গম পাই নে নাই ?! 😒
Assamese Funny Short Story
16.প্ৰায় ৪-৫ বছৰ আগৰ কথা...
কিবা এটা বিশেষ কাম বুলি আমাৰ লখিমপুৰ টাউন যাবলৈ বাছ এটাত উঠিলোঁ..
মই বাছত উঠি খিৰিকীৰ ওচৰৰ ছিটত বহিলোঁ..যিহেতু খিৰিকীয়েদি প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰিলে মনটো ভাল লাগি থাকে...
বাছখন চলিবলৈ ধৰিল আৰু আমাৰ নাওবৈছা মেডিকেলৰ ওচৰত ৰখালে, তাত কিছুমান যাত্ৰী নামিল কিছুমান উঠিল..মই খিৰিকীয়েদি বাহিৰত জুমি চালো...লৰা এজন ৰাস্তাৰ কাষতে এপ্ৰণ এটা পিন্ধি ব্ৰইলাৰ কাটি কাটি বেচি আছে..তেওঁ মোৰফালে চাই মিচিকিয়া হাঁহি এটা মাৰিলে, মইও তেওঁলৈ চাই অলপ হাঁহি দিলোঁ..
মই চিন্তা কৰিলোঁ..🤔🤔 লৰাজনক কৰবাত দেখিছোঁ কিন্তু কত দেখিছিলোঁ সঠিক মনত পৰা নাই...
এনেকে ভাবি থাকোতেই বাছখন আকৌ চলিবলৈ ধৰিল আৰু গৈ থৈ মোৰ গন্তব্য স্থান পোৱালেহি..
মই বাছৰ পৰা নামি নিজৰ লাগতিয়াল কামবোৰ আদায় কৰিলো, লগতে মিতালি হোটেলত পৰঠা এটা খাই মুখত ১২০ পান এটা ভৰাই আকৌ ঘৰলৈ বুলি বাছৰ বাট চাই আছো...
বাছ এটা আহিল, মই উঠিলোঁ আৰু আকৌ সেই কথাটো চিন্তা কৰিবলৈ ধৰিলোঁ..চাল্লা লৰাজনক দেখিছিলোঁ কত ? 🤔🤔
বাছখন চলিবলৈ ধৰিল আৰু আমাৰ নাওবৈছা হায়াৰ চেকেণ্ডাৰীৰ ওচৰত ৰখালে...যিহেতু যাত্ৰী কেইজনমান নামিবলৈ আছিল..ঠিক সেই সময়ত লৰাজনৰ কথাটো মনত পৰি গল...🙄
আচলতে যেতিয়া আমি হায়াৰ চেকেণ্ডাৰী ১ম বৰ্ষত নাম লগাইছিলোঁ তেতিয়া আমাৰ চিনিয়ৰ কেইজনমানে খুব ওস্তাদিগিৰী দেখুৱাই দম দি আমাক ৰেগিং কৰি আছিল...
আৰু সেই চিনিয়ৰ কেইজনৰ ভিতৰত সেই ব্ৰইলাৰ কটা লৰা এজন আছিল...😶😊
Assamese Funny Short Story
17.পুলিচ: তুমি কত থাকা ?
মই: ঘৰৰ মানুহৰ লগত..
পুলিচ: তোমাৰ ঘৰৰ মানুহ কত থাকে ?
মই: মোৰ লগত..
পুলিচ: আৰে ভাই তহঁত গোটেই পৰিয়াল কত থাকা ?
মই: একে লগত...
পুলিচ: কেলা..তহঁতৰ ঘৰটো কত ?
মই: চুবুৰি ঘৰৰ ওচৰত..
পুলিচ: আৰে মোৰ বাপ..চুবুৰিৰ ঘৰটো কত ?
মই: আপুনি বিশ্বাস নকৰিব..যদি মই কয় দিওঁ..
পুলিচ: কোৱা কোৱা..
মই: আমাৰ ঘৰৰ ওচৰত...
পুলিচ: তই এটা কাম কৰ..ঘৰত যা..ঐ শইকীয়া ইয়াৰ বাইকখন দি দে...!!
Assamese Funny Short Story
18.🚫সাৱধান!!🚫
কোভিড ভেকচিন লোৱাৰ আগত এইটো এবাৰ পঢ়ি লবা...🙏🙏
সিদিনা আমাৰ ঘৰৰ ওচৰৰ খুৰা এজন ভেকচিন লৈ ঘৰলৈ উভতি আহি থাকোঁতে চকুৰে ধুঁৱলি-কুঁৱলি দেখিবলৈ ধৰিলে..তেওঁ ঘৰলৈ আহি অত্যাধিক নাৰ্ভাচ হৈ লগে লগে ভেকচিন চেণ্টাৰলৈ কল কৰি তেওঁৰ অসুবিধাৰ বিষয়ে জ্ঞাত কৰালে!
ভেকচিন চেণ্টাৰৰ পৰা তেওঁক ৰিপ্লাই দিয়া হল যে..আপুনি অতি সোনকালে আমাৰ চেণ্টাৰলৈ গুচি আহক কাৰণ আপোনাক ভেকচিন দিয়া নাৰ্ছ জনীয়েও এতিয়া ধুঁৱলি-কুঁৱলি দেখিবলৈ ধৰিছে..
তেওঁ লগে লগে ভেকচিন চেণ্টাৰত গৈ উপস্থিত হল..
ডাক্তৰে তেওঁক চশমা এটা দি কলে..এইটো পিন্ধি লওক আৰু আপুনি পিন্ধি থকা নাৰ্ছৰ চশমাটো ঘূৰাই দিয়ক...
হাঁহি থাকা সুৰক্ষিত থাকা..বেছি দিমাগ লগাবলৈ দৰকাৰ নাই!
আৰু বন্ধুসকল ভেকচিন নিশ্চয় লবা দেই ok bye!! 👍
Assamese Funny Short Story
19.বোবা🙊লৰা এজন কলা🙉ছোৱালী এজনীৰ প্ৰেমত পৰি গল..💖💖
বোবাই যেতিয়াই গান গাই...কলা জনী তাৰ গান শুনি দৌৰি দৌৰি আহে..🎶🎵
এদিন ছোৱালীৰ অন্ধ খুৰাই গোটেইখিনি দেখি দিলে..🙄🙄
আৰু তেওঁ গৈ ছোৱালীৰ বিকলাংগ বাপেকক কয় দিলে..😋
কথাষাৰ শুনি বাপেক দৌৰি দৌৰি গৈ চাইকেলত কিক মাৰি ঘোঁৰাত উঠি সিহঁতক চাবলৈ গল..🏃🏃
তাত গৈ তেওঁ জেপৰ পৰা চাকু ওলাই দুটা গুলি সিহঁতৰ ফালে ফায়াৰ কৰিলে..🔫🔫
শৰ দুটা গৈ লৰাৰ বুকুত লাগিল আৰু ছোৱালীজনী মৰি থাকিল..🏹🏹
মই এজন ভাল লেখক হব পাৰিম নে ? 🤔🤔
Assamese Funny Short Story
20.ছোৱালী এজনী সদায় তাইৰ বয়ফ্ৰেণ্ডক পাৰ্কত লগ কৰিবলৈ যায়...
তাই সদায় সময়মতে পাৰ্কত গৈ উপস্থিত হয় আৰু লৰাৰ বাট চাই থাকে..
কিন্তু লৰাই সদায় পলম কৰে..
তথাপিও ছোৱালীয়ে সকলো বোৰ ignore কৰি তাক মনে-প্ৰাণে ভাল পাই...
এদিন ছোৱালী পাৰ্কত নগল..
লৰাই ছোৱালীৰ বাট চাই চাই আমনি পালে আৰু খং কৰি ছোৱালীৰ ঘৰলৈ গুচি আহিল..পিছে তাত গৈ গম পালে যে ছোৱালীৰ blood cancer হৈছে..
আৰু তাই মাত্ৰ ৬ দিন হে জীয়াই থাকিব...
লৰাই কান্দি-কান্দি ঘৰলৈ উভতি আহি আত্মহত্যা কৰিবলৈ বিল্ডিংৰ ওপৰত গৈ থিয় হল আৰু ছোৱালীৰ বাবে চিঠি এখন লিখিলে..
"তুমি সদায় মোৰ বাবে অপেক্ষা কৰি আছিলা আৰু মই সদায় পলম কৰি আছিলোঁ...কিন্তু আজি মই সোনকালে যাম আৰু তোমাৰ বাবে অপেক্ষা কৰিম"...!
এইখিনি লিখি লৰাই বিল্ডিংৰ ওপৰৰ পৰা জাপ মাৰিলে..
ঠিক সেই সময়ত বিল্ডিংৰ কাষেদি shaktiman পাৰ হৈ আছিল..
shaktimanয়ে লৰাক বচাব পাৰিব নে ?...
জানিবলৈ দেখক.."shaktiman"..সোমবাৰৰ পৰা ৰবিবাৰলৈ dnagal টিভিত...
কি কৰিম বন্ধুসকল কাম-বন নাই যে সেইকাৰণে তহঁতৰ লগত অলপ টাইমপাছ কৰিলো..
বেয়া নাপাবা..কিবা ভুল-ভ্ৰান্তি হলে ক্ষমা কৰি দিবা দেই...ok bye...
মই যাওঁ পিছত লগ পাম...
Assamese Funny Short Story
21.পুলিচ ট্ৰেইনিং চলি আছিল আৰু অফিচাৰে সুধিলে..
এইটো তুমি হাতত কি লৈ আছা ?
P H Dutta Pappu: ছাৰ এইটো বন্দুক হয়..!
অফিচাৰ: এইটো বন্দুক নহয়, এইটো তোমাৰ ইজ্জত হয়, তোমাৰ গৌৰৱ হয় এইটো তোমাৰ মাঁ হয় মাঁ..
তাৰ পিছত অফিচাৰ জনে আহি মোক সুধিলে..এইটো তুমি হাতত কি লৈ আছা ?
মই: ছাৰ এইটো P H Dutta Pappuৰ মাঁ হয়, তাৰ ইজ্জত হয়, তাৰ গৌৰৱ হয় আৰু মোৰ মাহী হয়..!
Assamese Funny Short Story
22.আজিৰ কথা.....
মই: ঐ মাঁ তই কেনেকুৱা পায়খ বনালি অ..গোটেইখিনি গাখীৰ পেটৰ ভিতৰত গৈ আছে কিন্তু ভাতখিনি নাযায় যে..
মাঁ: ঐ জধামূৰ্খ মাস্কখন খুলি ল প্ৰথমে!
#Covid19India
Assamese Funny Short Story
23.i am the best এই কথা আজি তহঁতক প্ৰমাণ কৰি দেখুৱাম..
মই চাহৰ কাপত চাহ ঢালি খাব পাৰো, কিন্তু তুমি ৱৰ্ল্ড কাপত ৱৰ্ল্ড ঢালি খাব পাৰিবা জানো ? নোৱাৰা..
আকৌ এটা..
মই ক্ৰীমৰ সৈতে ক্ৰীম বিস্কুট খাব পাৰো, কিন্ত তুমি বাঘৰ সৈতে tiger বিস্কুট খাব পাৰিবা জানো ? নোৱাৰা..
ok লাষ্ট এটা..
মই তোমাৰ মোবাইলত মোৰ ঠিকনা পঠাব পাৰো, কিন্তু তুমি মোৰ ঠিকনাত তোমাৰ মোবাইল পঠাব পাৰিবা জানো ? নোৱাৰা..
কৈছিলোঁ নহয় i am the best!! 😜
Assamese Funny Short Story
24.লৰা: মই নতুন iPhone 11 কিনিলোঁ..
ছোৱালী: wow কোনটো কোম্পানীৰ ?
লৰা: আৰে মোৰ মাঁ 🙏..যা যা তই ঘৰত যা..
honda কোম্পানীৰ হয় আৰু পেট্ৰল দি চলে..😐
Assamese Funny Short Story
25.chuna no.১👉 বাবু মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো..
chuna no.২👉 বাবু তুমি যেতিয়ালৈকে নোখোৱা মইও নাখাওঁ..
chuna no.৩👉 বাবু মোৰ হৃদয়ত তোমাৰ বাহিৰে কোনোৱেই ঠাই লব নোৱাৰে..
chuna no.৪👉 বাবু মই জীৱনত প্ৰথমবাৰ কথা পতা লৰা তুমিয়েই..
chuna no.৫👉 বাবু সি মোৰ বেষ্টফ্রেণ্ড হয়..
আৰু যদি কিবা থাকি গল কমেন্ট বক্সত কয় যোৱা!
Assamese Funny Short Story
26.যোৱা কেইদিনমান আগত পইচাৰ বতাহ চলি আছিল আৰু এতিয়া বতাহৰ (অক্সিজেন) কাৰণে পইচা চলি আছে..👇👇
কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা দিন এটা দেখা পাম...🤔
আইছক্ৰীম খোৱা বতৰ কিন্তু খাব পৰা নাই...🍦
গৰমৰ বন্ধ আহিব কিন্তু পালন কৰিব নোৱাৰিম...🏘️
ৰাস্তা মুকলি আছে কিন্তু কতো যাব নোৱাৰিছো...🏞️
যিসকল দূৰত আছে সিহঁতক মাতিবও নোৱাৰিছো...😤
যিসকল ওচৰত আছে সিহঁতৰ লগত হাত মিলাবও পৰা নাই...🤝
কিমান তাৰিখ কোনটো বাৰ সেইটোও পাহৰি গৈ আছো...🎰
দেখা নাপাওঁ কাৰো মুখত হাঁহি, সকলোৱে মাস্ক পৰিধান কৰি ফুৰি আছে...😷
হাই ৰে কৰ'ণা কি যে কৰি আছা...
কেতিয়াবা ভাবিছিলোঁ নে আমি..এনেকুৱা এটা দিন দেখা পাম বুলি ?? 😔
টেগ কৰি দিয়া বাবে খং নকৰিবা দেই বন্ধুসকল...😊🤘
Assamese Funny Short Story
27.বহুত পুৰণি কথা...
আমাৰ লখিমপুৰ দলহাট চাহ বাগানত এজন চাহাব আছিল..কিন্তু তেওঁ অসমীয়া বুজি নাপায়..
মানুহজন অলপ পেটুৱাকৈ আছিল আৰু সকলোৱে খং কৰে তেওঁক..অলপ খড়ুছ টাইপৰ আছিল চাগে..
এদিন চাহ শ্ৰমিক এজন তেওঁৰ ওচৰত গল আৰু ফেক্টৰীৰ বিষয়ে কিবা-কিবি কথা আলোচনা কৰি আছিল..
আলোচনা চলি থকাৰ মাজতেই কিবা এটা কথা লৈ শ্ৰমিকজনৰ খং উঠিল আৰু লগে লগে তেওঁ বকিয়েই দিলে..आप बहोत চুদূৰভাই हो...
🤔চাহাবে কথাষাৰ বুজি নাপায় তেওঁক সুধিলে..ये চুদুৰভাই क्या होता है ?
শ্ৰমিক জনে উত্তৰ দিলে..साहब जी जिसका पेट बड़ा होता है उनको हम लोग চুদুৰভাই बोलते है..
চাহাব জনেও হাঁহি-হাঁহি কলে...
अरे भाई मैं कौन सा চুদুৰভাই हूँ..
मेरा बाप तो मुझसे भी ज्यादा চুদুৰভাই था...
Assamese Funny Short Story
28.জীৱনত বন্ধুত্বৰ কিমান প্ৰয়োজন...এই কথা আজি উল্লেখ কৰিম....
যদি ৬০ বছৰীয়া বৃদ্ধ মানুহ এজন অকলে বহি আছে তেন্তে আমি ৬০ বছৰীয়াৰ দৰেই দেখা পাম....
কিন্তু দুজন মানুহ একেলগে যদি বহি থাকে তেতিয়া ৩০-৩০ বছৰীয়াৰ দৰে হৈ যাব...
যদি ৩ জন মানুহ একেলগে বহে তেতিয়া ২০ বছৰীয়া দৰে হৈ যাব...
আৰু যদি ৬ জন মানুহ একেলগে বহে তেতিয়া স্কুলীয়া জীৱনটো মনত পৰি যায়...
এই বন্ধুত্বৰ গণিতে এটা কথা স্পষ্ট কৰি দিয়ে যে চেঙেলীয়া হৈ থাকিবলৈ বন্ধুত্বৰ এনাজৰী কিমান প্ৰয়োজন!!
টেগ কৰা কেইজন luv u forever guys....সদায় এনেদৰেই যাতে আমি এই বন্ধুত্ব বজাই ৰাখোঁ...
🤗💖🤘
Assamese Funny Short Story
29.আজি দোকান এটাত প্লাষ্টিকৰ ৰচি কিনিবলৈ গৈছিলোঁ..
দোকানীজনে মোক সুধিলে..দাদা প্লাষ্টিক ৰচি দি কি কৰিব আপুনি ?
মইও লগে লগে উত্তৰ দিলোঁ..
যোৱাকালি হাঁহ পোৱালি কেইটামান কিনি অনিছো, আজি সিহঁতক পথাৰত এৰাল দিবলৈ যাম!
দোকানীয়ে মোৰ ফালে ভালদৰে চালে আৰু কলে...দাদা কেই মিটাৰ দিম কওক!!
Assamese Funny Short Story
30. ৮ বছৰৰ লৰা এটাই দোকানত গল আৰু কলে..বিড়ি এক বাণ্ডল দিয়ক..
দোকানী: কি ৰে ইমান সৰু বয়সত বিড়ি খাও লাজ নালাগে নেকি তোক ?
লৰা: আৰে দাদা কি বকি আছে..এইটো মোৰ সৰু ভাইটিয়ে খাব..মোৰ কাৰণে গল্ড ফ্লেক এক পেকেট দিয়ক!
দোকানী বেহুচ...
Assamese Funny Short Story
31.যোৱাকালি ৰাতি আকৌ এটা চোৰ আহিছিল আমাৰ ঘৰত..মোক দেখি সি পলাই গল..
মইও তাৰ পিছে পিছে দৌৰিলোঁ আৰু তাতকৈ আগত ওলাই গলো..
চাল্লা..চোৰ কৰিবলৈ আহিছিল আৰু উপৰিঞ্চি মোৰ লগত racing competition...মাক্কা!
Assamese Funny Short Story
32.আজি বাছ এটাত আহি থকা সময়ত মোৰ কাষৰ ছিটত এজন লৰা আৰু এজনী ছোৱালী একেলগে বহি আছিল...
কিন্তু দুয়োজনে ইজনে সিজনক চিনি নাপায়...
অলপ দেৰি পাছত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হল..কথা-বতৰা ইমানেই আগবাঢ়িল যে ফোন নম্বৰ পৰ্য্যন্ত আদান-প্ৰদানলৈ আহি গল...
লৰাই মোবাইলটো পকেটৰ পৰা ওলাই নম্বৰ টাইপ কৰিব ধৰোঁতেই মোবাইল ছুইছ অফ হৈ গল...
পিছে সি পাৰ্চৰ পৰা কাগজ এটুকুৰা ওলাই নম্বৰ লিখিম বুলি ভাবিলে কিন্তু সিহঁতৰ ওচৰত কলম নাছিল...
মই কাষত বহি গোটেই ধ্যান সিহঁত দুটাৰ ওপৰতে দি থৈছো...
মই গম পাই গলো এতিয়া ছোৱালীৰ নম্বৰ লিখিবলৈ তাৰ কলমৰ প্ৰয়োজন হৈছে...
সি বহুত আশা কৰি মোৰ ফালে চালে...
মই মোৰ চাৰ্টৰ ওপৰৰ পকেটত লগাই থোৱা কলমখন ওলালো আৰু....
.
.
.
.
চলি থকা বাছৰ খিৰিকীয়ে দি কলম টো বাহিৰত পেলাই দিলো...
আৰু মনে মনে শান্তনা লভিলো...
মই ছিংগেল যেতিয়া তইও ছিংগেল থাক!
#বৰলা_সন্থাৰ_সভাপতি
Assamese Funny Short Story
33.লৰা: বল গাড়ীত বহ..
ছোৱালী: কিয় ?
লৰা: বহ চোন আগত..মই কয় আছোঁ..
ছোৱালী গাড়ীত বহিল..লৰাই ছোৱালীক নিজৰ ঘৰলৈ লৈ গল..
লৰা: বেডৰুমত বল..
ছোৱালী: কিন্তু কিয় ?
লৰা: প্ৰথমে বল চোন কয় আছোঁ নহয় মই..
লৰা: এতিয়া বিছনাত শুই যা.
ছোৱালী: ও মাঁ কি কোৱা হে ?
লৰা: এতিয়া কম্বলখন উৰি ল..
ছোৱালী: কিয় হে ?
লৰা: কম্বলখন উৰি ল চোন..কয় আছোঁ নহয়..
এতিয়া কম্বলৰ ভিতৰত আন্ধাৰ হৈ আছিল..
লৰাই সেইটোৰ সুযোগ লৈ লাহেকৈ বাওঁ হাতখন কম্বলৰ ভিতৰত ভৰাই ছোৱালীক কলে..
এইটো চা মোৰ ঘড়ীত লাইট জলে...😊
Assamese Funny Short Story
34.আজি ৰেষ্টুৰেণ্ট এটাত ধুনীয়া ছোৱালী এজনীয়ে মোৰ ওচৰত আহি সুধিলে..আপুনি ছিংগেল নেকি ?
মই মনে-মনে আনন্দিত হৈ ৰিপ্লাই দিলোঁ..উম হয়..
এইষাৰ কথা শুনাৰ লগে-লগে তাই মোৰ ওচৰত থকা extra চকী খন দাঙি লৈ গল!!
#বৰলা_সন্থাৰ_সভাপতি 😐
Assamese Funny Short Story
35.ৰাতি কোনো ধৰণৰ পাৰ্টিত উপস্থিত নোহোৱা,
ৰাতি নিয়মিত হিচাবে ৯:৩০ বজাত বিচনাত পৰা,
ৰাতিপুৱা ৪ টা বজাত উঠি ব্যায়াম কৰা,
নিতৌ পুষ্টিকৰ আহাৰ খোৱা,
কেৱল নিজৰ ঘৰৰ বিশুদ্ধ খাদ্য গ্ৰহণ কৰা...
36.আমাৰ মৰমৰ akshay kumar ডাঙৰীয়াৰ covid-19 positive ওলাল...
এতিয়া চিন্তা কৰা...আমাৰ কি গতি হব পাৰে!! 🤔🤔
Assamese Funny Short Story
37.যিসকলে আপোনজনক হেৰুৱালে..সিহঁতৰ কাৰণে কৰ'ণা এটা মহামাৰী...😢
যিসকল চিকিৎসাধীন হৈ ঘৰলৈ উভতি আহিল..সিহঁতৰ কাৰণে কৰ'ণা এটা বেমাৰ..😢
আৰু যিসকলৰ একো হোৱা নাই..সিহঁতৰ কাৰণে কৰ'ণা এটা চৰকাৰী নৌতংকি..😢
Assamese Funny Short Story
38.মিছা কলে কিডাল হব..
অনবৰত ১৮+ মিম পোষ্ট কৰা আমাৰ মুছলিম লৰা-ছোৱালীবোৰ ৰমজান মাহত হে ভদ্ৰ..
বাকী ১১ মাহ সেই একেটাই গতি..
সকলোকে কোৱা নাই..
জ্ঞান দিবলৈ যাতে কোনো নাহে দেই!!
নহলে বাজনা বজাই দিম..😐👍
Assamese Funny Short Story
39.যোৱাকালি মোৰ হাতত মাখি 🐝 এটা বহি আছিল আৰু মই তাক ফু মাৰি উৰুৱাবলৈ বহুত চেষ্টা কৰিলোঁ কিন্তু মাখিটো নুৰিল...
মই চিন্তাত পৰি গলো 🤔 মোৰ immune system বেয়া হৈ গল নেকি ? মই চাগে covid19 positive হৈ গলো..
এনেকৈ ভাবি থাকোঁতেই কাষত বহি থকা মানুহজনে কলে..আৰে ঐ পাগল প্ৰথমে মাস্কখন খুলি ল!!
Assamese Funny Short Story
40.এটা মানসিক গৱেষণাত বিয়া কৰোৱা পুৰুষ-মহিলা সকলক কিছুমান ইংৰাজী বাক্য অসমীয়াত অনুবাদ কৰিবলৈ দিয়া হল..
তাৰে মাজত এটা বাক্য আছিল "i love you too"
মহিলাসকলৰ পৰা উত্তৰ আহিল "মইও তোমাক ভাল পাওঁ"
আৰু পুৰুষ সকলৰ পৰা উত্তৰ আহিল "মই তোমাকো ভাল পাওঁ"
#men_will_be_men
Assamese Funny Short Story
here you can find Assamese Story,Assamese quotes,Assamese love story, Assamese sad story, Assamese memes, Assamese funny storys.
main keywords :
Assamese memes, Assamese storys, Assamese quotes, Junaki Assamese story, Assamese Shayari,Assamese kobita,Junakiiaxom, Assamese memes for facebook, Assamese whatsapp captions,Assamese Funny Short Story 2021


1 Comments
est Assamese story, Assamese memes, Assamese quotes, Assamese Short Flim, Assamese Fb memes, Assamese Facebook Memes, Assamese Facebook Quote, Best Blogging Website ... I love this cyberiawolfsolution
ReplyDelete