✍️অধিবক্তা আব্দুল হাই, পাণবাৰী, দৰং, মঙ্গলদৈ
-----------------------------------------------
হেৰুৱাই যোৱা শব্দবোৰ বিচাৰি
নদীৰ পাৰে পাৰে।
অতীত আৰু বৰ্তমানৰ পম খেদি
ক্ৰন্দনত চকুলো সৰে।
অতীতৰ শুৱলা মধুৰ স্মৃতিয়ে
হিয়াত জুই জ্বলে।
সম্ভৱ জানো নুমাব হিয়াৰ অগ্নিকুণ্ড
নদী সাগৰৰ জলে।
স্বপ্নৰে ভৰা জীৱনৰ সুখবোৰ
নদীৰ বুকুত ডুব যায়।
নদীৰ পাৰত মধুৰ শব্দবোৰ বিচাৰি
বেলিও ডুব যায়।
ডুব যাব ধৰা ৰক্তাক্ত বেলিৰ দৰে
আজি মোৰ হিয়া।
মনত বাজি আজি দুঃসময়ৰ গান
প্লাৱনে উঠোৱাই নিয়া।
হেৰুৱাই যোৱা শব্দবোৰ বিচাৰি
মই নিঠৰুৱা।
অতীত আৰু বৰ্তমানৰ পম খেদি
মই ভাগৰুৱা।
-----------------------------------


0 Comments