✍️সবিতা_বেগম
ৰাধাকুছি_বৰপেটা।

জানা....!! 
মই এতিয়া তোমাৰ নাইবা
আন কাৰোবাৰ নহয় ...
মই কিন্তু মোৰো নহয়...
কেতিয়াবা মই 
মোৰ পৰাও আঁতৰি যাব বিচাৰোঁ
মই তেতিয়াও 
জোৰ নাইবা আপত্তি নকৰোঁ,,
আমনি কৰাৰ হাবিয়াস 
মোৰ একেবাৰেই নাই।

মিছলীয়া বতাহত বিৰক্তিৰ নাও 
বৈ গৈ মুকুতাৰ বৰষুণ ছটিয়াই
দেহ জুৰ পেলোৱাৰ
আসক্তিত কিনো আছে ?

আহক প্ৰলয়, নকৰোঁ ভয়...!!
মই যদি মোৰেই নহয়
তেন্তে তোমাক হেৰুৱাৰ কিহৰ সংশয়...!!