1.অশেষ কষ্টৰ ফলত Small bro ৰ প্ৰচেষ্টাত facebook টো গুৰাই পালো।
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
2.কিছুমানক মনৰ পৰা ভাল পাব পাৰি
কিন্তু তেওঁক ভাল পোৱা হে যায়
কৈ দিব নোৱাৰি।💗
3.জীৱনত কিছুমান এনেকুৱা
ডিপ্ৰেচন আহে
যিবোৰ ষ্টেটাছৰ বাহিৰে কাকো শ্বেয়াৰ কৰিব নোৱাৰি।💗
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
4.দুদিনৰ কাৰণে তাৰ আপোন হয় কি হ'ব
যদি তাৰ আপোন হ'ব বিছৰা তেতিয়া হ'লে তাৰ
লগত সদায় থাকা আৰু তাক নিজৰ কৰি লোৱা।💗
5.কিছুমান Message Send কৰা নাযায়
লিখি Delete কৰি দিব লগা হয়।💗
6.মৃত্যুলৈ মোৰ ইমান ভয় নাই
যিমান মা- দেউতাৰ অবিহনে এই
পৃথিৱী খনৰ কথা ভাবিলে ভয় লাগে।💗
7.ফেচবুকত প্ৰেম ভালপোৱাৰ ওপৰত ৰচনা
লিখিব চবেই পাৰে।
কিন্তু বাস্তৱত তেনেকৈ ভালপাব প্ৰায় ভাগেই
নোৱাৰে।💗🌸
8.শিৰৰ সেন্দুৰ কণ লোৱাটো যিদৰে এগৰাকী
পত্নীৰ কৰ্তব্য
ঠিক সেইদৰে সেন্দুৰ কণ জীয়াই ৰখিব পৰাটোও
এজন স্বামীৰ দায়িত্ব।💗🌸
9.মানুহৰ
জীৱনত এনেকুৱা এজন ব্যক্তি থকা দৰকাৰ
যিয়ে তোমাৰ প্ৰতিটো বিপদৰ সময়ত তোমাৰ
সাহস হৈ থিয় দিয়ে।🥀
10.আজিকালি প্ৰায় ছোৱালীয়ে সচাঁ মৰম আৰু
বিশ্বাস ভৰা হাতখন বিচাৰে
কিয়নো টকাটো সিহঁতে নিজেই উপাৰ্জন কৰি
ল'ব পাৰে।❤️🥀
11.সম্পৰ্ক যদি সচাঁ হয় ই কেতিয়াও
সলনি নহয়...
যিকোনো সময়তে যিকোনো পৰিস্থিতিতে
সদায় একে থাকিব।🌸❤️
12.আচলতে 5 megapixels জীৱনটো আজিৰ DSLR তকৈ অধিক আনন্দদায়ক আছিলে...!
✌️❤️
13.সকলোবোৰৰ সময় থাকে...
আপুনি শুভবাৰ্তা হৈ আঁহক
উপশম সহজ...🌸🥀
14.তোমাৰ হৃদয়ৰ চিটিবাছৰ
আজীৱন যাত্ৰী
মই
❤️🥀
15.সকলোৱে তাক অভিযোগ কৰে যে বেছিভাগ সময় মোবাইলটোৰ লগতে কটাই...
কিন্তু, তেওঁলোকক কোনে ক'ব গোটেই পৃথিৱীৰ ভিতৰতে একমাত্ৰ এই নিৰ্জীৱ পদাৰ্থটোৱে হে তাক বুজি পাই...
তাৰ দুখবোৰ দেখি নাহাঁহে,
তাক অকলশৰীয়া নকৰে,
_____তাৰ ভাৱনাবোৰে যে কেৱল এই মোবাইলটোৰ বুকুত হে স্বীকৃতি পায়...
-------------------😔🍁--------------------
সপোনৰ এটি পখিলা
16.সকলোৱে তাক অভিযোগ কৰে যে বেছিভাগ সময় মোবাইলটোৰ লগতে কটাই...
কিন্তু, তেওঁলোকক কোনে ক'ব গোটেই পৃথিৱীৰ ভিতৰতে একমাত্ৰ এই নিৰ্জীৱ পদাৰ্থটোৱে হে তাক বুজি পাই...
তাৰ দুখবোৰ দেখি নাহাঁহে,
তাক অকলশৰীয়া নকৰে,
_____তাৰ ভাৱনাবোৰে যে কেৱল এই মোবাইলটোৰ বুকুত হে স্বীকৃতি পায়...
-------------------😔🍁--------------------
17." বাহ্যিক সৌন্দৰ্য্যৰে চৰিত্ৰ নিৰূপণ কৰিব নোৱাৰি "
____ম'ৰা চৰাইক দেখিলে কেতিয়াও সাপ ভক্ষণ কৰা যেন নালাগে !
✌️❤️
18.জীৱন গানৰ দৰে নহয়
কিন্তু,
" গানৰ কোলাত শান্ত হয় অশান্ত হৃদয়"
❤️✌️
19.তুমি...
অ' তোমাকে কৈছো ;
তোমাৰ সেই মৰমলগা হাঁহিটি,অৰ্নগল কথাবোৰ আৰু তোমাৰ স্বপ্নবিলাসী চকুজুৰিৰ তীক্ষ্ণ চাৱনিৰ তীৰে মোৰ দৰে হাজাৰজনকো তোমাৰ প্ৰেমত পেলাই...
❤️🥀
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
20.অপ্ৰিয় কিন্তু সত্য...
" সদ্যহতে ছচিয়েল মিডিয়াত কোনোবা খাচ বুলি ভাবিলেও বাস্তৱত অৰ্থহীন "
✌️❤️
21.বোলো মাইনা...
" নায়কৰ দৰে পতিদেব বিচাৰিলে অভিনয়তো কৰিবই "
🤭🤣
22.কাৰোবাৰ সুখৰ বাবে সেইজনক
ত্যাগ কৰি সহজ 💔
কিন্তু ত্যাগ কৰাৰ পিছত তেওঁৰ অবিহনে
জীয়াই থকাটো বহুত কষ্টকৰ 😔🥀
23." সংগী হ'ব পাৰিবা ?"
" কিহৰ ?"
" সমালোচনাৰ
বিষয়
হোৱাৰ..."
❤️🥀
24.শেষ ৰাতিৰ নিৰ্জনতাত উশাহ বোৰ ঠেকা খোৱাৰ সময়ত
কাণৰ কাষত প্ৰায়ে শুনো...
"ঐ, ভালে আছ ?"
এন্ধাৰত খেপিয়াই চাওঁ
তুমি নাই ;
এৰা তুমি সচাকৈয়েই নাই...
🍁
25.তুমি ❤️
অ' তোমাকে কৈছে...
তোমাৰ ওঁঠৰ যাদুলগা তিলটোৰ মায়াবী চিকমিকনিয়ে মোৰ দৰে হাজাৰ জনৰ যৌৱন চুই যায়...
❤️🥀
26.সময়ক সুধি চাওঁক,
মই আজিও আপোনাৰে অপেক্ষাত !
❤️🥀
27.কোনে তোমাক চেনী বুলি কয় গুৰুত্ব নিদিবা
😏
মনে বিচৰা সঠিক মানুহ নোপোৱালৈকে
অভিযান চলাই যোৱা
😇✌️
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
28. জীৱনৰ খেল ভালকৈ খেলিবা
কিয়নো...?
____মনত ৰাখিবা, সকলোতকৈ ওচৰত থকা জনেই 'Stumping' কৰে...!
✌️❤️
29.এই ধৰিত্ৰীত...
লাজুকী বনেও মূৰ দাঙি চাই
প্ৰণাম কৰে সূৰ্য্য দেৱতাক...🌄
"সন্ধালৈকে যেন মোক লৈৱে মানুহো
হৈ পৰক এক নষ্টালজীয়াত"...
30.হৃদয়খন এদিনলৈ দিবা নেকি ?
চামচোন প্ৰৱেশত অনুৰাগীৰ কিমান হেঁচা-থেলা...
হৃদয়খন এদিনলৈ দিবা নেকি ?
তোমাৰ প্ৰেমিকৰ তালিকাত ক্ৰমিক নং চোৱাৰ প্ৰৱল হেঁপাহ...
❤️🥀
31.সমাজৰ কথা নাভাবিবা "মানুহে কি ক'ব ?"
____সমাজত টো ভগৱানকো দোষী সাজে, আৰু তুমি মই সাধাৰণ মানুহ হে...
❤️✌️
32.এটা কথা সচাঁ...
" যি হৃদয়েৰে সচাঁ তেওঁৱেই প্ৰথমে 'Sorry' কয়..."
✌️❤️
33.এটি অপৰাধ তুমি সদায়ে কৰা...
"মোৰ পোষ্টত love react দি দি,
মোক বেছিকৈ তোমাৰ প্ৰেমত বলিয়া কৰা"
❤️🥀
34." নিজেই নিজৰ প্ৰিয়🥰"
___গতিকে মই একাংশৰ অপ্ৰিয় হোৱাটো স্বাভাৱিক...!
✌️❤️
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
35.কালি তোমাক কোনে দুখ দিলে
সেয়া পাহৰি যোৱা
আজি তোমাৰ যত্ন কোনে লৈছে
সেইটো মনত ৰাখা ❤️
অতীতত তুমি কাৰ বাবে কান্দিছিলা
সেয়া পাহৰি যোৱা
আজি তুমি কাৰ বাবে হাঁহিব পাৰিছা
সেইটো মনত ৰাখা 🥀
36.প্ৰতিটো কথাই তোমাক নোৱাৰি ক'ব;
ওঁঠৰ আলাপ কেতিয়াবা বুজিব চেষ্টা কৰিবা চোন...
____চাবা তাত তোমাৰ নামৰেই সুৰ বৈ আছে...
❤️🥀
37.এতিয়া তাইৰ বাবে ৰাতি মেছেজৰ অপেক্ষা নকৰোঁ,
দিনত যিহেতু অন্য এজনৰ লগত ব্যস্ত থাকে...
____নিশ্চয় ভাগৰুৱা হৈ আছে তাই !
😌🍁
38. "Maturity" মানে হ'ল-
ভালে নাথাকিলেও ভালে আছোঁ বুলি সদায় মিছা কোৱা...
😌🥀
39. তোমাক দেখি চলচলীয়া হয় চকুজুৰি
🥺
বদনাম কিন্তু,
প্ৰত্যেকবাৰে ধূলিকে দিওঁ...
😔🍁
40.যিমানে Mountain Dew নোখোৱা কিয়,
ভয় লাল খালেহে দূৰ হয়🤣
41.সফলতাৰ কাহিনীতকৈ,
বিফলতাৰ কাহিনীবোৰ শ্ৰেষ্ঠ...🥀
42.ভুল যাৰেই নহওঁক কিয় ?
চকুপানী কিন্তু
দোষ নথকা জনৰ হে ওলায়
🍁
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
43.মাজনিশা কল্পনাৰ সাগৰত জঁপিয়াই পৰি
কল্পনাবোৰ শব্দৰ আকাৰে ধৰি অনাৰ
অনুভৱেই সুকীয়া...
🥀❤️
44.প্ৰতিটো কথা শব্দৰেটো বুজাব নোৱাৰি...
যদি আপোনজন হোৱা;
" মৌনতাৰ ভাষাও বুজিব পাৰিব লাগে "
❤️🥀
45.কোনোবাই ঠিকেই কৈছিল...
" যি জন ব্যক্তি সত্য পথত থাকে
ভগৱানেও সেইজনৰে বাৰে বাৰে পৰীক্ষা লয় "
🍁
46. মুখেৰে ব্যক্ত কৰা কথাতকৈ মৌনতাই ব্যক্ত কৰা কথাই মানুহক বেছি আঘাত দিয়ে...
😔🍁
47.পুৱাই পুৱাই পাৰিজাত সদৃশ সুভাষ ভাঁহি আহি মোক জগাই তুলিলে
মৰমে চাগে আজি ভিজা চুলি ৰ'দত শুকুৱাবলৈ তাইৰ কোঠাৰ খিড়িকী মেলি বহি আছে
💙🖤
48.মাজ নিশা ফ'নত ভাঁহি অহা
চেপা চেপা মাতষাৰ...
উফ্...
মৰমবোৰ নাচি উঠে
বুকুৰ মাজত
❤️
49.মনৰ গোপন পৃথিৱীত
গোপনে ভালপোৱা
ছোৱালীজনীক
এদিন সমাজক দেখুৱাই
কপালত তেজ ৰঙা সেন্দুৰ দিম...
❤️🥀
50.ভাল পোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসতহে আছে...
❤️🥀
51." নদী আৰু নাৰীৰ অবিহনে সৃষ্টিবোৰ যেন আধৰুৱা🥀"
"নাৰীয়েই চালিকা
নাৰীয়েই পৃথিৱীলৈ অহা বাট
নাৰীয়েই ধৰিত্ৰীৰ উৰ্বৰতা
নাৰীয়েই সমাজৰ লাইখূটা...!"
🌸🙏
52.বয়স বাঢ়ি অহাৰ লগে লগে যেন জীৱন নামৰ নাট খনৰ এজন সফল অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছোঁ...
☘️🌿
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
53.সময় সলনি হয়...
⏰
"আৰু সময়ৰ লগে লগে সলনি হয়;
🌚
"কিছুমান সম্পৰ্কৰ সমীকৰণ !
🍁
54.আপুনি মোৰ বিষাদগ্ৰস্ত চৌহদৰ পুৱাৰ ৰ'দালি☀️
আৰু...
" মই আপোনাৰ সুখৰ আধাৰত নিৰ্মিত ছবিৰ দৰ্শক মাথোঁ..."
😔🍁
55.মৰমে বিচাৰে মৰমক সদায়
মৰমক নিদিবা কেতিয়াও বিদায়...
কলিজাৰ তেজেৰে শলিতা জ্বলাই
মৰমক ৰাখিবা চিৰদিন জীয়াই...
❤️🥀
(শুভৰাত্ৰি)
56.সপোন বোৰ লগত আছে...
চকু মুদিব নোৱাৰাকৈ দায়িত্ব আছে...
গতিকে প্ৰেমিকা নাই বুলিয়ে Single নহয়...
সপোন আৰু জীৱনৰ সৈতে দেখোন Relationship জন্মগত....!!
❤️🥀
57. : কি খবৰ ! ভালে আছা ?
: উম আছোঁ ভালেই তোমাৰ ? "
_____ কেতিয়াবা কেতিয়াবা ইমানখিনি কথা পাতিব পালেও বহুত বেছি সুখী হ'ব পাৰি...
❤️🥀
58.আপুনি জীৱনৰ প্ৰথম উপন্যাস...
" কলমত প্ৰকাশ নোপোৱা
অনুভৱত আৱদ্ধ হোৱা..."
❤️🥀
59."জীৱনত কাৰো ওপৰত একো অভিযোগ নকৰিবা;
🖤
"ভাল মানুহবোৰে দিব সুখ
বেয়া মানুহবোৰে দিব অভিজ্ঞতা"
আকৌ কিছুমানে দিব জ্ঞান
আৰু আটাইতকৈ
আপোন মানুহবোৰে দিব স্মৃতি...!
🍁
60. কেতিয়াবা সপোনতো তোমাৰ ওৰণি গুচাই সুধোঁ
: হেৰা ! তুমি চাহ বনাব জানা নে নাজানা ?
নাজানা যদিও কোনো কথা নাই
মাত্ৰ যিমান পাৰা সিমান সোনকালে শিকি ল'বা
তাৰ পিছত প্ৰতিটো সন্ধ্যা তুমি চাহ বনাবা
আৰু মই ওৰেটো জীৱন তোমাক সুখী কৰাৰ পৰিকল্পনা !
💙🖤
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
61.উজাগৰী নিশাৰ সংগী
"হেডফোন আৰু সেমেকা গীতৰ কলি "
😌🥀
62. জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়...
❤️🥀
63.মধ্যবিত্ত ল'ৰা হৈ গালফেণ্ড বিচাৰিব নাজানো...
কাৰণ ;
"জীৱনৰ আধা সময়টো পৰিয়ালক সুখী কৰোতেই পাৰ হয় "
❤️🥀
64. বাৰে বাৰে প্ৰেমত পৰো এই ভালপোৱা বোৰৰ,
য'ত তেওঁ নাই যদিও আছে তেওঁৰ বাবে অপেক্ষা...🥀
এই যে হেৰাই যাব বুলি সম্পৰ্কটোৰ নাম "প্ৰেম" দিব নিবিচাৰোঁ,
তাতেইটো ভাল পোৱাৰ জয় হয়...❣️
65.কোনো এটা কথাৰ উত্তৰ "নাজানো" বুলি কোৱা যিমান সহজ
সিমানে কঠিন "নাজানো"ৰ ভিতৰত "আৱদ্ধ" কৰি ৰাখিব কথাবোৰ...!!
🍁
65. আপুনিয়ে নহয় জানো ?
সদায় গভীৰ নিশা
মোৰ নিবিড় টোপনিত
আমনি কৰা গৰাকী
🥰🍁
66.(খুব পছন্দৰ বস্তুবিলাক)
হয় দুৰ্লভ,
নহ'লে নিষিদ্ধ...
হয় খুব দামী,
নহ'লে বেলেগৰ...
🍁
67. কাৰোবাক মনে মনে ভাল পায় তাক
ভাল পাওঁ বুলি ক'ব নোৱাৰাটোও এটা কলা...!
❤️🥀
68.মধ্যবিত্ত মানুহৰ সপোনবোৰ কেৱল কল্পনাতেই সীমাবদ্ধ হৈ ৰয়...
😔🍁
69." জীৱনত কোনো শিক্ষকেই ইমান শিকাব নোৱাৰে...
যিমানখিনি খালী পকেটে শিকাই...!"
🍁
69.তুমি "শুই যোৱা" বুলি ক'লেই হৃদয়খনত আউল লাগে !
ক'বলৈ মন যায় তোমাক অভিমান ভৰা মাতেৰে "ৰ'বানা মৰম আৰু অলপ সময় থাকা না"...!
মই নাভাবো কোনো এটা ক্ষণত তুমি মোৰ পৰা আঁতৰত আছা ! সেই মিঠা ভ্ৰমতে মই প্ৰায়েই গাৰুটো সাৱটো আৰু কওঁ "ঐ মৰম মোৰ ফালে এবাৰ চোৱা না"....!!
💙🖤
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
70. বুজাব নোৱাৰা কিছুমান স্মৃতিয়ে বৰকৈ আমনি কৰে জানা...
মন যায়,
বিশাল আকাশৰ তলত চিঞঁৰি চিঞঁৰি বহু কথাই ক'বলৈ...
কিন্তু...
আৱেগবোৰো চোন বৰ স্বাভিমানি অ'...
🍁
71." তোমাৰ কৰ্মই হ'ল তোমাৰ পৰিচয় "
❤️
নহ'লে একেই নামটো হাজাৰ জনৰ আছে
সেইটোও নিশ্চয়
🍁
72.দোভাগ নিশা খিৰিকী খন খুলি,
শীতল বতাহচাতিত বিচাৰি পাওঁ শান্তি...
দুৰ্ভাৱনাৰ পাহাৰ বগাই
সম্ভাৱনাক আকোৱালো
ৰিনিকি ৰিনিকি ভাঁহি আহে...
"মায়াবীনি ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি"
💙🖤
73.ৰ'দৰ ডাঁকত সাগৰৰ
চিঠি অহাৰ কথা...
কিহক লৈ?
প্ৰেমক?
অতীত এইবোৰ
প্ৰেমৰ আঁৰত
দেহৰ বাসনা
জীয়া বৰ্তমান...!
🍁
74."সময়ৰ ডেউকাত এতিয়াও বিচাৰোঁ আবেলি
সোঁৱৰণী খান্দি হেৰুৱা ল'ৰালি...!"
🍁
75.আমি অসমীয়া মানুহ...❤️
মৰমক চকুৰ সন্মুখত দেখিলে বেকগ্ৰাউণ্ডত গীতাৰ ভায়লিন নাবাজে আমাৰ !
"ঢোল বাজে,তাল বাজে,আয়তীৰ মুখৰ মংগল উৰুলি বাজে"
🖤💙
76.আজীৱন ভাল পাই
থাকিম তোমাক...
কাৰণ
"মই তুমি নহয়"
❤️🥀
77.লুপ্ত শোভা যে প্ৰভাতৰ ভানু
ইমান ধুনীয়া লিখোঁ উৰেৰাতি ভাবোঁ...
পুৱতি বেলাত মাথোঁ এটি কথা সোধো,
যাৰ বাবে লিখিছোঁ তেওঁ আজিলৈকে পঢ়িছে জানো...?
🖤🤔
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
78.-সাৰে আছা ?
--উম...আছোঁ !
-এতিয়া কাৰ বাবে সাৰে থাকা ?
--সেই যে ৰাতি সাৰে থকা অভ্যাসটো আৰম্ভ হৈছিল ৰৈ গ'ল !
😔🍁
79.ঠাণ্ডা বতৰ,
মাজনিশাৰ সময়...
বাহিৰত বৰষুণ,
কাণত হেডফোন...
মিহি মিহি শব্দত বাজিব ধৰিছে
জুবিন দাৰ গান...
বাহিৰৰ টিনখনত পৰা
বৰষুণৰ গুণগুণনিৰ শব্দও
মাজে মাজে কাণত পৰিছেহি-
"বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব" ❤️🥀
80. গো-বাটৰ ধূলিয়ৰী নিলাভ আকাশত
ক্লান্ত সূৰুযৰ শেষৰটি লহৰ....
যাবৰ পৰত মোলৈ চাই
ক'লে ৰিঙিয়াই...
"এঙেৰুৱা কলিজাত কোনে গোলাপ ৰোৱে?"😔🍁
----------------------------------------
81. আবেলি ফিল্ডত বহি থকা ল'ৰাবোৰৰ ওচৰলৈ এবাৰ গৈ চাব,
তাত ছোৱালীতকৈ জীৱন সংগ্ৰামৰ কথা বেছিকৈ আলোচনা হয়...
❤️🥀
82.বন্ধুত্ব ❤️
ইজনে শব্দ অবিহনেই আনজনৰ হৃদয়ৰ ভাষা পঢ়িব পাৰে !
ইজনে চকুপানী টুকিলেই আনজনৰ টোপনি হৰে !
দুখন হৃদয় অজানিতেই যেতিয়া অভিন্ন হৈ পৰে - বন্ধুত্বই নকৈ পাখি মেলে !
83.মৰমৰ সমস্যা,
তোমাৰ সন্মুখীন অবিহনে
সুখৰ যে নাই মাদকতা...!
🍁
84. প্ৰাপ্তবয়স্ক দশা
মধ্যবিত্ত ঘৰৰ ল'ৰা
ভাৱ গধুৰ হৈ
উজাগৰে কটোৱা নিশা...
খালী পকেট আৰু
অযুত সপোনবোৰ
পূৰণ কৰাৰ আশা...
🍁
85. কৈ যায়.....
নৈপৰীয়া আবেলিটিয়েও...
ৰাঙলীৰ হেন্দোলনিত আৱেগক বিদায় দিয়াৰ কথা...
কৈ যায়....
নৈৰাশ্যৰ কুহেলিকাৰ সমাদৰত...
মৌনতাৰ সৈতে ব্যৱধান বাঢ়ি যোৱাৰ কথা...🍁
-------------------------------
86.জীৱন যদিও এটাই
সপোনৰ হিচাপেই
নাই...
❤️🥀
87. অতীত হয় আপোনজনো
সোঁৱৰণিৰ তামবৰণীয়া পাতত
ভাঁজ লগা স্মৃতিয়ে...
তথাপিও চলি যাব জীৱন চকৰী
দুৰন্ত গতিত...
নিজ বাটেৰে সুদূৰলৈ...!
🍁
88.জীৱন এক যাত্ৰা য'ত জিৰণিচ'ৰা নাই,
জীৱন এক ৰঙীন স্বপ্ন...;
জীৱনেই এক শূণ্য...
য'ত শূণ্যৰো মহত্মা পোৱা যায়...!
🍁
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
89."নিশাবোৰ পাৰ হৈ যায় ভাল লগা স্মৃতি হৈ ;
😍
"কথাবোৰ ৰৈ যায় একোটি একোটি কাহিনী হৈ;
🍁
"কিন্তু তুমিজন প্ৰতিদিনেই মোৰ কাষত থাকিবা,,
❤️
"হয়তো ভাল লগা হাঁহি এটি হৈ;
নতুবা চকুলোৰে নিজৰা হৈ...!
❤️🥰
90.তুমি মোক "ভাল পোৱানে" বুলি সুধিব লগীয়া নোহোৱাকৈ
ভালপাব বিচাৰো তোমাক...
❤️🥀
91. কেতিয়াবা ফেচবুকটো খুলি ল'লে সিপাৰৰ তোমাৰ সেউজীয়া বিন্দুটোৱে মোক আমনি কৰে।
তুমি status ত তোমাৰ ফটো দিয়া মই মনে মনে love react .
কেতিয়াবা তুমি গম নোপোৱাকৈ খুচৰি খুচৰি ফেচবুকত তোমাৰ ফটোবোৰ চাওঁ। মাত্ৰ কমেণ্টত ক'বলৈহে থাকি যায় যে
" মৰম.....অকণমান শকত হৈছা
কিন্তু বেছিকৈ মৰম লগা হৈছা।"
তুমি ঠিক গম নাপাব পাৰা কেতিয়াবা তোমাক মেছেজ কৰিবলৈ বৰকৈ মন যায় মোৰ। যদি তুমি বেয়া পোৱা মই দুনাই মেছেজ নকৰোঁ ! এয়াই চাগে ভালপোৱা !
🖤 ❤️
92.বিচৰাবোৰ
মুঠিতে পোৱা হ'লে
অপ্ৰত্যাশিত শূণ্যতাৰ
হেজাৰটা অজুহাতে
কাৰ বাবে উশাহ ঘন কৰিব...!
🍁
93.ৰিক্ত জীৱন, ৰিক্ত আশা
কেউদিশে দেখো ধোঁৱা ধোঁৱা
উকা কাগজত অঁকা
সপোনবোৰৰ
আজি দেখোন পাখি ভঙা
উৰিব খুজিলেই খাওঁ
মুখ থেকেছা...
সমাজৰ চকুত হৈ পৰো
কাম নাইকিয়া,
এয়াই নেকি বেকাৰ জীৱনৰ আচল মজা...!
🍁
94.লগৰবোৰে কেণ্টিনত খাবলৈ ল'গ ধৰিলে
ভোক নাই বুলি কওঁ
আনে অপ্ৰয়োজনীয় বুলি ভবা বস্তুবোৰ
দুহাতে সাৱতি লওঁ
হাতত থকা ১০ টকাটো লৈ সমস্যাত পৰোঁ
খাওঁ নে ৰিক্সাত যাওঁ
সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড সপোন দেখা
হয় আমি একো একোজন মধ্যবিত্ত
যাৰ হেঁপাহবোৰ সাৰথি আৰু সপোনবোৰ আশা...!
❣️
Read More:
Family problem
Best Assamese Memes 2021- Best Facebook Memes
95.তোমাৰ চকুজুৰি...
উফ্...
বিন্ধে অ' বুকুত এই চাৱনিয়ে !
প্ৰেমবোৰ কলিজাটোতে ঠুপ হৈ যায়গৈ
বুকুখন বৰকৈ বিষায় অ'...!!
❤️🥀
96.আপুনি পাৰ কৰিছে জানো উজাগৰী এনিশা ?
কেতিয়াবা চাবচোন....
সময় আৰু সপোনবোৰে যেতিয়া কথা পাতে...
আৰু আপুনি অনিচ্ছা সত্বেও হৈ পৰে অংশীদাৰ.....
ভ্ৰম....বুইছে....ভ্ৰম
আমিবোৰ ডেকা যদিও চিন্তাশীল....
ভালপোৱাৰ শিহৰণত য়েই পাৰ নকৰোঁ উজাগৰে নিশা...
জীৱনক বুজিবলৈও কটাওঁ উৰেটো নিশা....
কিয়নো ___"We are matured now...."
💙🖤
------------------------
97.কথাবোৰ লিখাৰ দৰেই ক'বলৈ পৰা হেতেন
মনৰ কথাবোৰ সামৰি দীঘলকৈ মেচেজ এটা লিখি যে unsend কৰি দিওঁ...
তাতেই থমকি ৰয় এসাগৰ ভালপোৱা...
😔🍁
98. তুমি মোৰ প্ৰেমত পৰা সমগ্ৰ পৃথিৱী তোমাৰ সুখত জ্বলিব...🤗🥀
মই জীয়াই থাকো বা নাথাকো এদিন সকলোৱে নিজৰ প্ৰেমক ক'ব...🤩
" মোক #সপোনৰ_এটি_পখিলা ৰ দৰে মৰম লাগিব...🤣🤣🤣
--------------------------
99. মৌনতাৰ সিপাৰে অলেখ কথাই নোকোৱা হৈ ৰয়
মন বোৰ যেন অভিমানী হৈ চকুৱে কথা কয়
সযতনে ৰখা আছুতীয়া মৰমে আৱেগৰ ঢৌ তোলে
হৃদয়ৰ কোনোবা কোনত সংগোপনে হেঁপাহৰ ৰংঘৰ সাজে...!
🍁
100. কিমান আৰু অভিমান কৰিবা !
মেঘে জোৰকৈ গাজিলে...
তুমিটো মোৰ বুকুতে সোমাই উচুপিবা
😍🥰
101. আঁতৰাৰ কাৰণত পৰিস্থিতিৰ দোহাই নিদিলেও হ'লহেতেন
চিধাকৈ ক'লেই হয়...
"এই যে তুমি মোৰ বাবে মাত্ৰ ভাগৰ জুৰোৱা আহিলা এটিহে আছিলা"
😔🍁
102." বিষন্নতা আৰু এধানি প্ৰেমৰ মাদকতা "
দুয়োটা সামৰিহে হৃদয়ত তুমি...
❤️🥀
103.আপোনাৰ মৌনতাই কয় ময়ে যে আপোনাৰ হৃদয়ৰ অনুভূতি বোৰৰ গৰাকী...
❤️🥀
(হাবিয়াস মাঁথো এটাই চিৰস্থায়ী কৰি ৰাখিব বিচাৰোঁ এই অনুভূতি বোৰক আপোনাৰ মৌনতাৰ মাজত লুকুৱাই ৰখা চানেকিৰে)


0 Comments